মোদী vs গুগল 

দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চচিয়েল মিডিয়া‘ৰ মধুৰ সম্পৰ্ক সকলোৰে জ্ঞাত, বিশেষকৈ গুগলৰ  সৈতে । শেহতীয়াকৈ নৰেন্দ্ৰ মোদী দাঙৰীয়াই উত্তৰ প্ৰদেশৰ এখন নিৰ্বাচনী সভাত কৈছিল যে ‘যদি আপুনি “গুগল’ত চাৰ্ছ” কৰে তেন্তে  সবাতোতকৈ অধিক যোক্স (কৌতুক) আপুনি ৰাহুল গান্ধীৰ ওপৰত পাব‘। কথাষাৰ সঁচাকৈ হাস্যকৰ আৰু নিঃসন্দেহ তেখেতৰ এই ভাষ্য শুনি সকলোৱে খুব আমোদো পালে। কিন্তু তেওঁৰ এই ভাষ্য শুনি মই ক্ষন্তেকতে ভাবিবলৈ ধৰিলো তেখেতে গম কেনেকৈ পালে যে গুগলত সবাতোতকৈ অধিক যোক্স কাৰ ওপৰত তৈয়াৰ হৈছে ? 

অৰ্থাৎ যেতিয়া মোদীয়ে নিজেই কৈ যে তেখেতে ছুটি নোলোৱাকৈ ২০ ঘন্টা কাম কৰে তথা ঘন্টা শুৱে তাৰ মানে এইটো নেকি যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ লোকতন্ত্ৰৰ প্ৰধানমন্ত্ৰী জনে অফিছত বহি নিজৰ কম্পিউটাৰৰ দ্বাৰা গুগলত এইটো সন্ধান কৰে যে আটাইতকৈ অধিক যোক্স কাৰ ওপৰত তৈয়াৰ হৈছে ? কোনে নিজৰ স্নানাগাৰত কেনেকৈ গা ধুৱে ? নে কাৰ জন্ম-পত্ৰিকাত কি লিখা আছে ? 

আচলতে ৰাহুল গান্ধীক কৌতুকৰ জৰিয়তে কটাক্ষ কৰাৰ আঁৰত মোদীৰ উদ্দেশ্যে কি আছিল ? শেহতীয়াকৈ “বার্সন-মার্সটেলাৰ’ৰ” এক অধ্যয়নৰ অনুসৰি তেওঁ চচিয়েল মিডিয়াত বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তিৰ তালিকাত শীৰ্ষক স্থান লাভ কৰাৰ অহংকাৰ ? নে অতি কৌশলগত ভাৱে জনসাধাৰণক অৱগত কৰা যে এই কাম “ডিজিটেল ইন্ডিয়া’ৰ অন্তৰ্গত ইন্টাৰনেটত বিৰোধী দলৰ বিৰূদ্ধে এনে যোক্স সমূহ তৈয়াৰ কৰাৰ বাবে তেখেতৰ পাৰ্টিয়ে প্ৰস্তুত কৰা এক বিশেষ গোটৰ। 

আপোনাৰ ওপৰত অভিযোগ উত্থাপন হৈ থাকে যে অধিকতম সময় আপুনি বিদেশতে কটায়। তাকো আকৌ দেশত আহি আপুনি অফিছত বহি গুগলত এনে সন্ধান কাৰ্যত লিপ্ত থাকে যে সবাতোতকৈ অধিক যোক্স কাৰ ওপৰত তৈয়াৰ হৈছে ! তৎসত্বেও আপুনি পাব্লিক ৰেলীত প্ৰায়ে কৈ যে মোৰ লগত গাড়ী-মটৰ নাই। মোদী ডাঙৰীয়া, আপোনাৰ ওচৰত গাড়ী-মটৰ ঠিক তেনেদৰেই নাই যেনেদৰে গাড়ী-মটৰ থকা সকলৰ লগত বাইচাইকেল নাথাকে ।
লগতে প্ৰশ্ন হয়, আপোনাকতো সকলো ঠাইত উৰা জাহাজতে যাব লগা হয় য’ত বৰ্তমানলৈকে ৯০০ কোটিতকৈও অধিক ধন ব্যয় হৈছে তেন্তে গাড়ী-মটৰ ৰাখিও আপুনি কৰিবনো কি ?

যদিহে আপুনি এইটো কব বিচাৰিছে যে আপুনি গাড়ী-মটৰ ক্ৰয়ৰ বাবে অক্ষম তেন্তে এইটোও তেনে এটা কৌতুক, যিটোক গুগলত চাৰ্ছ কৰিব পৰা যায়। মইতো ভাবোঁ আপুনি যদি নিজৰ পোছাকৰ মূল্যতে ২০ শতাংশ হ্ৰাস কৰি দিয়ে তেন্তে গাড়ী-মটৰ অথবা উৰা জাহাজৰ কথা বাদেই দিলো, ইছৰো‘ৰ দৰে নিজৰ বিল্ডিংৰ চাদৰ পৰা নিজা চেটেলাইটো মহাকাশলৈ এৰিব পাৰিব। আৰু এই চেটেলাইটৰ মাধ্যমেৰে আপুনি যিকোনো বস্তু (Including Jumla) ইমান দূৰত্বলৈকে পেলাব পাৰিব যিমান দূৰত্বলৈ বৰ্তমান আপোনাৰ বাবে পেলোৱা মাথোঁ কাল্পনিক ! 

চচিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জনেৰে যদি কোনো ব্যক্তি মহান হব পাৰে তেন্তে মলালা ইউসুফজাই আৰু কৈলাশ সত্যার্থীৈৰ দৰে ব্যক্তিক ব্যাখ্যা কৰাৰ বাবে আন শব্দৰ প্ৰয়োজন।

 

আৰু শেষত এয়াই কম যে মোদী ডাঙৰীয়া, গুগলৰ কোনো চাৰ্ছক আপোনাক গম্ভীৰতাৰে লব নালাগে কিয়নো যোৱা বছৰ এই গুগলেই ‘পৃথিৱীৰ ১০ কুখ্যাত অপৰাধী‘ চাৰ্ছ কৰাত আপোনাৰ ফটোও প্ৰদৰ্শিত কৰিছিল ! গতিকে গুগলৰ চাৰ্ছৰ আধাৰত আপুনি ৰাহুল গান্ধীক “যকৰ” (ফটুৱা) কোৱাত লোকে হাঁহিব ঠিকেই কিন্তু আনহাতে সেই গুগলৰ চাৰ্ছৰ আধাৰত কোনোবাই যদি আপোনাক কিবা কয় তেন্তে আপুনি দুঃখিত হব, আপুনি ক্ষোভিত হব। আৰু অন্ততঃ আপুনি ক্ষুব্ধ নহ’ব… কিয়নো দেশত অসহিষ্ণুতা ইতিমধ্যেই বৃদ্ধি পাইছে ।।।

Ainul

Advertisements

ক’লা ৩০ অক্টোবৰ আৰু ন্যায় 

আজি ৩০ অক্টোবৰ; অসমৰ ইতিহাসৰ ক’লা দিন, হয় অসম কঁপাই যোৱা সেই ভয়াবহ বিস্ফোৰণৰ আজি অষ্টম বাৰ্ষিকী, সেই দিনটোৰ কথা মনত পৰিলে আজিও অসম বাসীৰ বুকু কঁপি উঠে।

গুৱাহাটী, বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত মিলি মুঠ দহটা ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ গৈছিল ৮০ জনকৈ নিৰীহ লোকৰ লগতে আহত হৈছিল ৫০০ তকৈ অধিক লোক, কোনোবাই যদি নিজৰ আপোনজনক হেৰুৱাইছিল আন কোনোবাই আকৌ জীৱনটোৰ বাবে বিকলাংগ হল আৰু আজিলৈকে সেই পীড়িত পৰিয়াল সকল চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত, লগতে নাপালে ন্যায় ।

CBI ৰ তদন্তত বোমা- বিস্ফোৰণৰ ঘটনাৰ আঁৰত বড়ো উগ্ৰপন্থী সংগঠন NDFB ওলাল আৰু মূল খলনায়ক NDFB গোটৰ মূৰব্বী ৰঞ্জন দৈমাৰী, কিন্তু আজি ৰঞ্জন দৈমাৰী কত ? হয় মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে ৮০ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া হত্যাকাৰী ৰঞ্জন দৈমাৰী।

দুদিন মান জেলত থাকি আমাৰ ন্যায়পালিকাৰ দুৰ্বলতাৰ সুযোগত ৰঞ্জন দৈমাৰী দৰে সন্ত্ৰাসবাদী বাহিৰলৈ ওলাই আহে, আৰু বৰ্তমান সেই ৰঞ্জন দৈমাৰী বিভিন্ন সভা সমিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লগতে এনে হত্যাকাৰীক ফুলাম গামোচাৰে আদৰণি জনোৱা লোকৰো অভাৱ নাই আমাৰ সমাজত ।
মুম্বাই আক্ৰমণকাৰী আজমল কাছাব হওক বা য়াকুব মেমন যিদৰে সিহঁতক ভাৰতৰ ন্যায়পালিকাই ফাঁচী দি পীড়িত পৰিয়াল বৰ্গক ন্যায় প্ৰদান কৰিলে যোৱা ৮ বছৰে অসমৰ দুৰ্ভগীয়া পীড়িত পৰিয়ালৰ লগত কিন্তু তেনে হোৱা দেখা নগল।
প্ৰশ্ন হয়… গৰিহণা দিম কাক ? কাকেই বা ধিক্কাৰ দিম ?? এয়াই আমাৰ ন্যায়পালিকা, এয়াই ভাৰতৰ ফোপোলা ন্যায়িক ব্যৱস্থাপ্ৰণালী !

এনে দুৰ্বল ন্যায়িক ব্যৱস্থাৰ বাবেই প্ৰতিদিনে জন্ম লৈ আছে ৰঞ্জন দৈমাৰী’ৰ দৰে শ শ সন্ত্ৰাসবাদী যিয়ে নিৰীহ লোকৰ তেজেৰে ফাঁকু খেলিবলৈ কুণ্ঠাবোধ নকৰে আৰু প্ৰান হেৰুৱাব লগা হৈ সাধাৰণ জনতাই !
শেষত ৩০ অক্টোবৰ, ২০০৮ চনৰ দৰে বোমা বিস্ফোৰণ যেন ভাৰতত তথা অসমৰ অন্য ঠাইত পুনৰাবৃত্তি নহ’য়, তাৰে কামনা কৰিছো। 

লগতে যি সকল মানুহে অসমৰ সেই ক’লা দিনটোত বোমা বিস্ফোৰণত মৃত্যুক সাৱটি লৈছিল তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছো যে তেওঁলোকৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক।

– Ainul